পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
সঙ্গীত-কোষ।

১২৬
ললিত-ভৈৰোঁ।-একতালা।

কতদিনে ভাবি পাইছোঁ তোমাক
নেযাবাহে প্ৰাণ, আঁতৰি,
মৰম বেদনা, নিজেওতো জানা
 সোণৰ পুতলা লাহৰী।
অন্তৰে অন্তৰ ৰাখি চিৰদিন
 ফুৰোঁ সংসাৰত, সাদৰি,
আজি সুক্ষণত, মিলালে বিধিয়ে
 ল’ম হৃদয়ত আদৰি।
নেমাতিবি আৰু পুৱাৰ কুলিয়ে
 নুঠক সূৰুয উজলি,
নেলাগে স্বৰগে, ৰহণ পিন্ধিব
 নহক ভৈয়াম মুকলি।
    ৰামেশ্বৰ বৰুৱা, বি, এ।