পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
সঙ্গীত-কোষ।

১২৪
মেঘমল্লাৰ-জলদ তেতালা।

ভঁজাহে পৰম মঙ্গলময়।
যি জন ভজিলে আঁতৰে ভয় ;
জ্বলিব হিয়াত অনন্ত জেউতি,
সিজিব কামনা হে;
লভিবা পৰম মুকুতিহে॥
গুছিব সকলাে কুভাব মনৰ
পৰিব শীতল তাপিত প্রাণ ;
পাপী হিয়াৰ সেই হে জুৰণি
হব পুণ্য প্রভা উদয় হে;
ভঁজা নাৰায়ণ হে
তাৰিবা যমৰ যাতনা হে॥
    লক্ষীৰাম বৰুৱা ।