পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৫
বিবিধ সঙ্গীত।

১২৩
ভৈৰবী—কাওৱালী।*

ঘনাই ঘনাই কিয় তােৰ চবি মনত পৰে,
“নেভাব” বুলিও জানি কিয় তােৰ ভাবে গঢ়ে।
 যি দিনা সন্ধিয়া বেলি
 লাজুকী হৃদয় মেলি
কত কি যে সুধিছিলোঁ যতে যিবা ভাবে ধৰে,
 নিষ্ঠুৰ অন্তৰে তই
 দিলি ততালিকে কই
বিফল সাধনা তোৰ ৰলোঁ মই থৰে থৰে।
 বুজাব নােৱাৰি মন
 চালোঁ তােক ঘনে ঘন
কি জানি পুতৌ ভাবে তােৰ ভাব মন লৰে,
 দেখিলোঁ কেৱলে হায় !
 শােক দুখ তােৰ নাই,
নহব নহব কোনাে সংসাৰত তােৰ দৰে॥
    অজ্ঞাত–


*এই দুটা গান শ্ৰীযুত ৰামেশ্বৰ বৰুৱাই পঠাইছে;

লিখকৰ নাম নিদিলে।