পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৪
সঙ্গীত-কোষ।

 তোমাৰে বিধানে, জগত জীৱ,
 সাধে নিজ নিজ শিৱ-অশিৱ,
অনাদি কাৰণ, যোগী-ঋষি প্ৰাণ,
  তুমিয়ে ত্ৰিদিব পূজন॥
    বিষয়চন্দ্ৰ বিশ্বাসী।



১১১

কীৰ্ত্তন-একতালা।


আজি কি কাৰণে,  কাঁদিছে পৰাণ,
 ভাবিয়ে নেপাওঁ মই।
মৰম যাতনা, বাঢ়িছে সঘনে,
 সুখ-শান্তি ক’তো নাই।
ফুৰিলোঁ ফুলনী, দেখিলোঁ ফুল
 দেখিলোঁ আকাশ তৰাৰ থূল;
দেখিলোঁ প্ৰকৃতি,  পূৰ্ণ-ঋতুৱতী,
 কুলিয়ে পঞ্চমে গায়।