পৃষ্ঠা:সঙ্গীত-কোষ.djvu/৩০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭৩
বিবিধ সঙ্গীত।

১০৯
সাহানা—ঝাঁপতাল।

 কৰিছোঁ কাকুতি সখি! নেয়াবা উভটি৷
 এবাৰলৈ শুনি যোৱা কওঁ কথা এটি৷
যদি কৰি অভিমান,  নকৰা অলপো কাণ,
 বিৰহ অনলে মোৰ দেহা হব ছাই-মাটি৷
নেদেখিলে তিল পৰ,  দেখোঁ মই অন্ধকাৰ,
 চঞ্চল ভাবতে মোৰ প্ৰাণ কৰে ছাতি ফুটি।
    বিষয়চন্দ্ৰ বিশ্বাসী।


১১০

মূলতান—আড়াঠেকা।


 জয় দেৱেশ, পদ্মাসন, জীৱ-জীৱন কাৰণ।
  জগতৰ বিধি, তুমি মহানিধি;
   তোমাৰে সকলো সৃজন।