পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৯
বিবিধ সঙ্গীত।

মোল বুজে কোনে,    পৰে অভিমানে,
 চাই থাকি ফুলে শূন্য পৰাণে
লাহৰ ফুলনী  ৰাখিলে যতনে
 হতাশ জীৱনে অমিয়া পায়।
    দূৰ্গেশ্বৰ চাংকাকতি।


৮৫
মিশ্ৰ মুলতানী—ঢিমাতেতালা।


আহাঁ কি শুৱনী ছবি, উষাৰ কনক ৰবি
উজলালে দশোদিশ কৰি মনোহৰ।
নিশাৰ তিমিৰ দূৰ কৰিলে কিৰণ আহি
 আৰু দিলে দিনৰ পোহৰ॥
পখী সবে গালে গান কতনো বিভঙ্গে
 সমীৰ নাচিলে কেনে ৰঙ্গে।
শুৱনী কৰিলে ধৰা কেনে মন প্ৰাণ হৰা
বঢ়ালে জেউতী মৰতৰ॥