পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৮
সঙ্গীত-কোষ।

৮৩
ভূপালী --ঢিমাতেতালা।

কিনো ছবিটি হিয়াত নাচি
কেনেনো জেউতি ধৰিছে হায়।
মৰু পৰাণত দিয়ে কোনে সিঁচি
সোঁৱৰণি পানী ভুমুকি চায়।
হৃদি কুঞ্জবনে যেনে ফুল কলি
ফুলে কিনো দৰে পৰাণ আকুলি
জিলিকি জিলিকি উঠে একো বেলি
ধিমিকি ধিমিকি চাকিটি প্ৰায়।
    মাণিকচন্দ্ৰ হাজৰিকা।


৮৪

ভূপালী-ঢিমাতেতালা।


কিনো উলাহে,  ফুলনী হাঁহে
 মলয়া বতাহে জীৰণী পায়।
নাচে ফুল কলি   পৰে হালি জালি
 লব কোনে তুলি সোধোঁতা নায়।