পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৩
বিবিধ সঙ্গীত।

শৰত জোন নীল গগন
 গােপিনীগণ লৈ ।
কি বিতােপন কৰা দর্শন
 ভৰি নয়ন ঐ।
মথুৰাবাসী  ৰঙ্গত সাজি
 হাহিছে আজি ঐ।
কেনে কিৰিটী জ্বলিছে জ্যোতি
 কি শােভে ৰাতি ঐ।
আজি হে সখি! শ্যাম নিৰখি!
 জুৰুৱাঁ আঁখি ঐ॥
    লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।

৫৩

মিশ্র ঝিঁঝিট – ঠুংৰী।

নকবা আৰু নেলাগে নুশুনাে
 তেঁওৰ নাম,
সুতুলিবা কথা পৰাণেৰে গথাঁ
 উজাৰিলে অতি দুঃখ পাম।