পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২২
সঙ্গীত-কোষ ।

৫১

সােহিনী বাহাৰ-জলদ তেতালা।

ঘূতি জাতি ফুলে গুন গুন সুৰে
 ভােমােৰা চুমিছে ৰঙ্গে আহি ।
তাতে জোনাবায়ে তাতে তৰা বােৰে
 ঢালে কিৰণ সুখে হাঁহি।
ৰঙ্গা গােলাপ ফুলি তালে তালে নাচি
 ৰঙ্গতে ফুলিছে ভাহি ;
আঁহা আমি দুয়ােজনে নাচোহে ৰঙ্গ মনে
 লগতে নাচোক ফুল পাহি ;
মিলি প্রাণে প্রাণে উলাহে নাচোহি ॥
    লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।

৫২

মিশ্র খাম্বাজ- দাদ্‌ৰা৷

বাঁহি মাতিছে  বীণা বাজিছে
 শ্যাম নাচিছে ঐ।