পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
বিবিধ সঙ্গীত।

কৰ্ত্তব্য পালন  পৰম সাধনা
 এনে শিক্ষা যি জনৰ দান।
সেই মহাজনে  সবে এক মনে
 পূজি আজি লভা তত্ত্ব-জ্ঞান।
 গিৰাশচন্দ্ৰ বৰদলৈ, বি, এ।

২৭

অহং—একতালা।

উঠা বীৰ সব উঠা কাচি পাৰি,
সমুখ ৰণত হােৱাঁ শাৰী শাৰী;
লােৱা অস্ত্ৰতুলি যাৰ ভাগে যেনে,
বধাহে মানক আজিৰ ৰণে।
তােমাৰ দেশক নিলে মানে কাঢ়ি,
তােমাৰ ভেঁটিত গজালে ডুবৰি;
তােমাৰ ৰজাক পেলালে খেদি,
লাগেনে আৰু বিলাই বিপত্তি।