পৃষ্ঠা:সঙ্গীত-কোষ.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮০
সঙ্গীত-কোষ।

জগত পূজিতা  অমৰ বাঞ্চিতা
 উচ্ছ কুচ পয়ােধৰা।
তুমি জ্ঞান সিন্ধু  দিয়া শান্তি বিন্দু
 স্নেহ মন্দাকিনী ধাৰা॥
অবােধ সন্তানে  বান্ধি আশা প্রাণে
 পৰিছোঁ চৰণে লুটি।
অজ্ঞান আন্ধাৰ  গুছােৱা মনৰ
 বৰষা জ্ঞানৰ জ্যোতি॥
 ৰঘুনাথ চৌধাৰী।

ইমন কল্যাণ—আড়াঠেকা।

 আজি কিনো শুভদিন, দুখীয়া জীৱনে।
 পূজিছে সকলাে মিলি, পুৰুষ প্রধানে॥
যিজনে জনম লভি,  বিচাৰি শাস্ত্র সুৰভি,
 বিলালে বিমল জ্ঞান ভকত জনে॥