পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
সঙ্গীত-কোষ।

৯১

পিলু মিশ্র—দাদ্‌ৰা!

কি ৰূপ দেখিলাে সখি,  নিকুঞ্জ মালতী তলে
 অবলাৰ মন প্রাণ ততালিকে হৰি নিলে।
সােণৰ কিঙ্কিনী বাজে  ময়ুৰ কীৰিটি সাজে
 ত্রিভঙ্গ ভঙ্গিমে থাকি চকু বুলাই চল পালে।
তুমি মােৰ প্ৰাণ সখি,  কৰি দিয়া দেখা দেখি,
(মােৰ) চাটি ফুটি কৰে প্রাণে, সেই ৰূপলৈ মনত হলে॥
 জগৎকুমাৰা দেবী।

৯২

সাহানা—ঝাঁপতাল।

নেযাব নেযাব প্রাণ ধৰো চৰণ অধিনীয়ে,
কোন এনে অভাগিনী হৃদয়ৰ ধন এৰি দিয়ে।
কিবা অপৰাধ ধৰি, যাব খােজে মােক এৰি,
কওক প্রাণ দয়া কৰি, খাটো মই অভাগীয়ে।