পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
সঙ্গীত-কোষ।

পদুলী মূৰতে  এতিযাও আনি
 সাদৰি সােণাযে দিব তামােল খনি;
কত কথা কব  হাঁহি উলাহেৰে,
 নাপায আমনি কৈ কৈ।
গুটি মালি জুপি  জঁয পৰা নাই,
পদুলীৰ শেৱালী  মৰি যােৱা নাই,
এতিয়াও পিন্ধাবা  ফুলৰ চাকিটী,
 যাচিছিলা যিটি লৈ লৈ॥
 লক্ষেশ্বৰ শৰ্ম্মা, বি, এ।

৮৫

পাহাড়ী মিশ্ৰ—আডাঠেকা।

আজিও কিযনাে হাঁয়! নগলোঁ পাহবি!
কতনাে সহিম আৰু সহিব নােৱাৰি!
 পুৰণি কালৰ কথা,
 আছে অন্তৰতে গঁথা,
সঘনে উথলি উঠে হৃদয বিদাৰি।