পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
প্রণয়-সঙ্গীত।

৮৩

মাঝ মিশ্র-পোস্তা।

গইছে গই উৰি উৰি, প্রাণ-পখি কেনিবা হাঁয়!
গলনাে উৰি কাক বিচাৰি নাহিব কি সতকাই।
 কাকনো লই শুদা দেহা
 দেহ হাতে কৰে বেহা
 নেপায় চায় কেনি (উ) উৱা দিহা—
পুৰি কাঁয়া ধােৱাঁ কৰি মিহলাও প্রাণে কাঁয়॥
 মাণিক চন্দ্ৰ হাজৰিকা।

৮৪

যােগীয়া—একতালা।

মাতিলা যেতিয়া  নৰম কিয়নাে
 নাচাম কিয়নাে তােমালৈ,
এতিয়াও মােৰ  কথা ভৰা বুকু,
 আগেয়ে পাইছা যেনেকৈ।