সমললৈ যাওক

পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
প্রণয়-সঙ্গীত।

গুটিমালী জুপি  জাতিষ্কাৰ ফুলি,
লাহৰি হাতেৰে  তাৰে এটি তুলি,
পিন্ধা পিন্ধা বুলি  হাঁহি যাচিছিলে,
 পাতিছিলে কথা ৰৈ ৰৈ।
পদুলিৰ শেৱালি  ন-কৈ ফুলিলে,
আহি কাণে কাণে,  বাতৰি দিছিলে,
বুলি চেনেহৰ  সাদৰী ময়না
 পাতিছিলে কথা ৰৈ ৰৈ॥
 সত্যনাথ বৰা, বি, এল।

৭৮

সিন্ধু কাফি—যৎ।

ভাবি থাকোঁ সখি মনতে।
আৰু নেমাতো, নকওঁ কথা;
 চকুলৈ চাই মুঠতে।