পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৭
প্রণয়-সঙ্গীত।

নতুন ভাবেৰে  হৃদয় তলিত
 বাজিছে মােহিনী তান।
আকাশ পাতাল  যুৰি উঠে ভাল
 তাৰে হে অমিয়া গান।
 সুনীল আকাশ মাজে,
 হাঁহি মিচিকিয়া,
 আকৌ নাইকিয়া,
 হয় তৰা কিবা লাজে
কোনে এতে নিশা মােহিলে হিয়া
 সুখ-গীত গাই গাই হে॥
 লক্ষেশ্বৰ শৰ্ম্মা, বি, এ,।

৬৫

ভূপালী—ঢিমেতেতালা।

কিয় নিকুঞ্জলৈ অনিলি সখি,
নিকুঞ্জ বিহাৰী শ্রীহরি নাই।
পাহৰা কাহিনী কিয় উজাৰিলি,
এতিয়া যে মােৰ পরাণ যায়।