পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬
সঙ্গীত-কোষ।

কিয়নাে বাসন্তিকুলি,  ললীত লহৰী তুলি,
 পাহৰনি কথা সোঁৱৰাই তই—
 হৃদয়ত জুই দিলি।
 শুনালি অমিয়া-গান,
(কুলি) খােপাৰ মালতী সুলকি পৰিলে
 বলিয়া কৰিলি প্রাণ,
(কুলি) আপােন পাহৰি পাছতে খেদিলাে
 নমতা নােবােলা হ’লি॥
 দুর্গানাথ চাংকাকতি।

৬৪

মিশ্র-ঝিঁঝিট—একতালা।

কাৰ বাঁহী মাতে  পুৱতী নিশা
 প্রাণ মন পমি যায় হে।
বিয়াকুল প্রাণে  জুৰনী ৰেখা
 আজি যেন লেখা পায় হে৷৷