পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২১
প্রণয়-সঙ্গীত।

৫৮

বেহাগ—ঢিমাতেতালা।

 যদি আহিছিলা তেনে কিয় খােজা শুচি যাব।
 এবেলি প্ৰেমৰ নদী বােৱালে কি ঘুৰি ব’ব॥
হৃদয় নিঝৰা বয়  সাগৰৰ কাষলৈ
 সাগৰ সম্ভাস কৰি কেনেকৈ উভতি যাব?
নদী সুশীতল সদা,  প্রাণেও বিচাৰে সুধা,
 চিৰ হাবিলাষ কেনে নিমিষতে অন্ত হব।
 দেবেশ্বৰ চলিহা।

৫৯

খাম্বাজ—একতালা।

সুধি চাবা সখি, পৰেনে মনত
দুখিনীৰ কথা, এতিয়া আৰু।
পৰেনে মনত, অভাগিনী বুলি
ভাবেনে নেভাবে কদাপি আৰু॥