পৃষ্ঠা:সঙ্গীত-কোষ.djvu/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
সঙ্গীত-কোষ।

নিস্তব্ধ নিতাল বিশাল ধৰণী
 ঘােৰ অন্ধকাৰে ঢাকিছে মেদিনী,
পাপানলে প্রাণ জুলা-কলা হ’ল
 কি উপায়ে হৰি পাম পৰিত্ৰাণ॥
    বিনন্দিৰাম।

৪২

খাম্বাজ একতালা।

পতিত পাবন, দুৰিত হৰণ,
 বিপদবাৰণ হৰি ।
কৰুণা কিৰণ, কৰাঁ বিতৰণ
 চোৱাঁ অধমক ফিৰি॥
সংসাৰ সাগৰে ডুবি পৰি ৰলোঁ,
কত পাকে পৰি জলা-কলা হলোঁ,
উদ্ধাৰাহে হৰি  শৰণ পশিলোঁ,
 তুমিহে উপায় তৰী॥
    সিংহত্ত দেৱ অধিকাৰী।