সমললৈ যাওক

পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শৰৎচন্দ্ৰ
 

তেখেতক কলিকতালৈ নিয়ো চিকিৎসা কৰাব লগাত পৰিছিল। তেখেতৰ এটি পুত্ৰ আছিল সিয়ো অকালতে বিয়োগ হয়। তেখেতৰ বৰ কন্যাই এটি পুত্ৰ আৰু এটি কন্যা ৰাখি অলপ বয়সতেই স্বৰ্গগামিনী হয়।

 গোস্বামীদেৱেৰ পৰিয়ালৰ বেমাৰ পাতি চোৱা, দান- দক্ষিণা দিয়া, নিজে ভালমতে খোৱা-থকা আদি কৰিও পাচলৈ তেখেতে নিজৰ ২০ মিতব্যয়িতা অৱস্থা সচ্চল কৰি তুলিছিল। গোস্বামীদেৱৰ এটা ভাল অভ্যাস আছিল যে প্ৰতিদিন সন্ধ্যাৰ সময়ত ঘৰলৈ আহি দিনৰ আয়-ব্যয়ৰ হিচাব টোকা বহীত লিখি ৰাখিছিল। এই নীতি ৰক্ষা কৰাৰ ফলতেই বোধকৰো শেষলৈ তেখেতে আৰ্থিক অৱস্থা চকুত লগা কৰি তুলিব পাৰিছিল। তেখেতৰ নিজ আয়ৰে কামৰূপত ভালেখিনি মাটি কিনিছিল আৰু উজনীৰ এখন চাহ বাগিচাৰ অংশীদাৰ হৈছিল।

 আমাৰ সৌভাগ্যগুণে আমি এই ক্ষণজন্মা পুৰুষৰ লগত এনে এটা যোগসূত্ৰত গঁথা গৈছিলোঁ, যে তেওঁৰ অন্তৰৰ চিনাকি ২৬ সামৰণি পাই নিজে মুগ্ধ হৈছিলোঁ আৰু ধন্যবোধ কৰিছিলোঁ।

বিশুদ্ধ অন্তৰ গোস্বামীদেৱে শ্ৰম, বিদ্যা আৰু বুদ্ধিৰে

৩০