সমললৈ যাওক

পৃষ্ঠা:শৰৎচন্দ্ৰ.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মানসিক কষ্ট
 


সমালোচনা তেখেতে নিজ কানেও শুনিব লগা হৈছিল; কিন্তু সেই বুলি তেখেত কষ্ট হৈ সেই ডেকাক চাকৰি পোৱাত সহায় নকৰি নাথাকিছিল। সকলোৰে হিত- চিন্তা কৰা, হিত সাধা, হিত পৰামৰ্শ দিয়া আৰু অপকাৰীৰ উপকাৰ কৰি প্ৰতিশোধ লোৱাই গোস্বামীদেৱৰ জীৱনৰ ব্ৰত আছিল।

 গোস্বামীদেৱৰ সোঁহাতৰ দান বাওঁহাতে নাজানিছিল। আন কি নিজৰ সহধৰ্মিনীয়ে নজনাকৈও ২৩ দান বহুতো স্কুলীয়া ছাত্ৰক পঢ়াত তেখেতে সাহায্য কৰিছিল। দুই এজন আইন পঢ়া লোককো গোস্বামীদেৱে মাহিলী অৰ্থ-সাহায্য কৰি সন্তোষ লাভ কৰিছিল। এসময়ত তেখেতৰ পৰিবাৰৰ নৰিয়াৰ সময়ত নিজৰ অৰ্থকষ্ট হোৱা সত্বেও তেখেতৰ দৰমহাৰ টকাৰপৰা আইন পঢ়া পিতাকৰ শিষ্যপুত্ৰলৈ খৰচৰ টকা পঠাবলৈ আমাক আদেশ কৰিছিল। দান বিচাৰি যোৱা কোনো মানুহ তেখেতৰ ঘৰৰপৰা বিমুখ হোৱা নাছিল।

 গোস্বামীদেৱে মানসিক কষ্ট পাইছিল বহুতো; তেখেতৰ সহধৰ্মিনী প্ৰায় চিৰৰোগিণী। এসময়ত বেমাৰ বৰ টান হোৱাত

২৪ মানসিক কষ্ট

২৯