পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৫)

সমস্তকে একক্ষণে  খেদাইলন্ত তিনিজনে
  পুনু আসিলেক ঋষি পাশ।
দেখি বিশ্বামিত্ৰ ঋষি   প্ৰশংসিল হাঁসি হাঁসি
  সমস্তৰে মিলিল উল্লাস॥১৯৩
পাছে চিন্তি অৰ্চি কাজ  জনক যে মহাৰাজ
  পুৰোহিত বিশ্বামিত্ৰ সমে।
সীতা-ৰাম-লখমণ   আগ কৰি তিনি জন
  প্ৰবেশিলা গৈয়া নিজাশ্ৰমে॥
দশৰথ আনিবাক  পঠাইলন্ত দূতজাক
  শীঘ্ৰে ৰাজা জনক নৃপতি।
দুতে ৰাজা আগে কৈল  দশৰথ আসি ভৈল
  পাত্ৰ পুত্ৰ বশিষ্ঠ সহিতি॥১৯৪
দেখিয়া মিথিলা ৰায়  পূজিলা ৰাজাৰ পাব
  অনেক ভকতি নতি কৰি।
দশৰথ মহাভাগ  পায়া দুই পুত্ৰ লাগ
  কোলে তুলি লৈলা স্নেহে ধৰি॥
শুনিয়োক সভাসদ  ৰামৰ চৰিত্ৰ পদ
  সব দুখ কৰে উপশম।
ৰামৰ চৰণ ভজা  আন আশা সব তেজা
  নিৰন্তৰ বোলা ৰাম ৰাম॥১৯৫