পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৪৪)

বালেকক মাৰোঁ বেঢ়ি   আসা কন্যা আনো কাঢ়ি
  আমাৰো কন্যাত ভাগ আছে।
এহি বুলি গুমথয়  বৰ বৰ ৰাজাচয়
  অস্ত্ৰ-শস্ত্ৰ ধৰিলেক পাছে॥
সবে কৰে হুৰা হুৰি  বোলে ধৰ মাৰ বেঢ়ি
  কৈৰ ইটো আসিল বালক।
দেখিয়া শ্ৰীৰামে কাজ  বুলিলন্ত ঋষিৰাজ
  আপুনিযে ৰাখিবা সীতাক॥১৯১
দেখিযো শৃগাল পাল  বেঢ়ি কৰে কোলাহল
  আক দেখি থাকে কাৰ প্ৰাণে।
আৰ 'হুৱা, হুৱা' চাই  নাথাকি লগাওঁ যাহ
  যেন নথাকয় ইটো বনে॥
এহি বুলি দুয়োজনে  ধনু ধৰি তেতিক্ষণে
  ৰাজাসকলক খেদি গৈলা।
দেখিয়া জনক ৰাজে  ৰথে চৰি সৱ সাজে
  শ্ৰীৰাম-লক্ষ্মণ লাগ লৈলা॥১৯২
তিনি এক লগ হুয়া  নানা অস্ত্ৰ প্ৰহাৰিয়া
  বধিলন্ত সম্মুখ সংগ্ৰামে।
কতো পৰিবাক দেখি  আপোনাৰ প্ৰাণ ৰাখি
  পলাই গৈলা ঘাৱ খোৱা মানে॥


গুমৰ্থয়-গুম্‌ৰিয়ায়, গৰ্জ্জে।