পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৩৭)

সিহেতু চলিয়ো মিথিলাক।
কেন ঠান ধনু দেখো তাক॥
এহি বুলি ঋষিৰ সঙ্গত।
চলি দুয়ো যান্ত আনন্দত॥ ১৬০
কতক্ষণে যান্ত পথ ক্ৰমে।
গৌতমৰ পাইলন্ত আশ্ৰমে॥
তান পত্নী অহল্যা সুন্দৰী।
শিলা হুয়া আছে তৈত পৰি॥১৬১
দেখি ঋষি বুলিলা বচন।
শুনিয়োক ৰঘুৰ নন্দন॥
এহি শিলাখণ্ডে পাৱ দিয়ো।
অহল্যাক শাপ তাৰিয়ো॥১৬২
শুনি প্ৰভু চৰণ চুৱাইল।
অহল্যাক তেখনে তাৰিল॥
দেখি ৰামে পুচিলা কাহিনি।
ঋষিয়ো কহিলা সব খানি॥১৬৩
যেন মতে ইন্দ্ৰে হৰিলন্ত।
গৌতমৰ শাপক পাইলন্ত॥
পাছে পাইলা মিথিলা নগৰী।
যৈত ৰাজা সভা আছে কৰি॥ ১৬৪
দেখি মিথিলাৰ অধিপতি।
ঋষিৰ চৰণে কৰে নতি॥