পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৩৬ )

পূৰ্ব্বত মহেশে ধমুখণ্ড পেলায় গৈলা।
আকাশত থাকি পাছে বচন বুলিলা॥১৫৬
এহি ধনু যিটো জনে ভাঙ্গিবাক পাৰে।
তাহাঙ্ক বিবাহ দিবা কন্যা সাৰে সাৰে॥
আচোক ভাজিব ৰাজাগণ নিৰন্তৰে।
কাহাৰো শকতি গুণ লগাইতে নপাৰে॥১৫৭
ভুৱন মোহিনী কন্যা শুনা ৰঘুপতি।
সেহি ধনু ভাঙ্গি কন্য বিহায়ো সম্প্ৰতি॥
হেন শুনি হাঁসি মাতিলন্ত ৰঘুপতি।
তোমাসাৰ বাক্য আবে কৰিবো সম্প্ৰতি॥
শুনিয়োক সৰ্ব্বজন এক মন কৰি।
অনন্ত বদতি ডাকি বোলা ৰাম হৰি॥১৫৮

——

ঘোষা॥ ৰাম হৰি নাৰায়ণ॥

পদ।

শুনিয়োক ঋষি মহাৰায়।
পিতৃ দিয়াছন্ত তযু ঠাই॥
যি কাৰ্য্যে তোমাৰ তোষ হয়।
তাক আমি কৰিতে লাগয়॥১৫৯


তোষ-আনন্দ।