পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩৪)

সেনা বধিবাৰ দেখি সুবাহু কিটাল।
আকাশ গমনে দুয়ো ভাইক খেদি আইল॥
দেখিয়া লক্ষ্মণে ভল্ল শৰ প্ৰহাৰিলা।
বজ্ৰৰ পতনে যেন গিৰি বিদাৰিলা॥১৪৬
সেহিমতে হৃদয় সৰকিয়া গৈল।
ঘোৰ ৰাৱ ছাৰি নিশাচৰ অন্ত ভৈল॥
সুবাহু পৰিবে দেখি মাৰীচ ৰাক্ষসে।
অস্ত্ৰ শস্ত্ৰ ধৰিয়া ৰামক খেদি আসে॥১৪৭
হেন দেখি প্ৰভু ৰামচন্দ্ৰ দেৱ-হৰি।
এক গোটা শৰ প্ৰহাৰিলা দৃঢ় কৰি॥
হৃদয়ত পৰি তেতিক্ষণে উৰুৱাইল।
পৃথিবী সমুদ্ৰ ছৰাই লঙ্কাত পৰিল॥১৪৮
হেথ মুণ্ডে পৰি আছে সিটো মূৰ্চ্চা যাই।
ফুঙ্কি ফুঙ্কি জীৱাইল ৰাক্ষসে লাগ পাই॥
এহিমতে ৰাম দেৱ প্ৰভু লখমণ।
যত পাইল মানে ৰাক্ষসৰ সেনাগণ॥১৪৯
সমস্তকে শৰ হানি মাৰি পেলাইলন্ত।
বিশ্বামিত্ৰ ঋষিৰ যজ্ঞক কৰাইলন্ত॥
আনন্দতে বিশ্বামিত্ৰ যজ্ঞ সাঙ্গ কৰি।
সমস্ত ঋষিক পূজা কৰিল সাদৰি॥১৫০
পূজা পাইয়া মুনি সবে আনন্দিত ভৈলা।
ৰাম-লক্ষ্মণক আশংসিয়া ঘৰে গৈলা।


আশংসিয়া - প্ৰশংসা কৰি।