পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৩৩ )

গুৰুক প্ৰণামি ৰামে শৰ প্ৰহাৰিল।
ৰাক্ষসীৰ হৃদয়ত সন্ধানে পৰিল॥ ১৪০
উভফোল কৰি শৰ পাতালক গৈল।
তেতিক্ষণে স্নান কৰি তুনে আসি ভৈল॥
আৰ্ত্তৰাৱ কৰি পৰি গৈল নিশাচৰী।
স্বৰ্গলোক কম্পিল সমস্ত বসুন্ধৰী॥১৪১
আনন্দতে সিদ্ধ মুনি দেৱ নিৰন্তৰে৷
জয় জয় ৰাম বুলি কুসুম সিঞ্চৰে॥
বিশ্বামিত্ৰে ৰাঘৱক আশীৰ দিলন্ত।
পথ অনুক্ৰমে নিজ আশ্ৰম পাইলন্ত॥১৪২
সমস্ত মুনিক মাতি যজ্ঞ আৰম্ভিলা।
শ্ৰীৰাম লক্ষণে ধনু ধৰি ৰখি ৰৈলা॥
ধৃতৰ আহুতি গন্ধ উথলিয়া গৈল।
গন্ধ পাই অনেক ৰাক্ষস আদি ভৈল॥১৪৩
তাৰ সেনাপতি ভৈল মাৰীচ সুবাহ।
গিলিবাক আসিল চন্দ্ৰক যেন ৰাহু॥
ঋষিৰ দেখিয়া ভয়ে গৰ্ভ গৈল গুলি।
চেঞ্চাইবাক লৈলা ৰাম লখমণ বুলি॥১৪৪
তাসম্বাক আশ্বাস কৰিলা দুই ভাই।
আথে বেথে ধনু শৰ ধৰিলন্ত যাই॥
কোটি কোটি ৰাক্ষস বধিলা শৰহনি।
যেন শ্ৰাৱণৰ মেঘে বৰষিল পানী॥১৪৫