পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৷৵৹

ৰামৰায় জ্ঞান দিলা ব্ৰাহ্মণক যাই।
কুঁজী-দেউৰাৰ মধ্যে বুঢ়াখাঁৰ ঠাই॥
সিয়ে দোপদৰে আমি বাদ কৰোঁ যাই।
বুঢ়াখাৰ আগে বাদ হোক শাস্ত্ৰ চাই॥
হেন শুনি মুনি সবে গৈল সমদলে।
বহুবিপ্ৰে বল্কি হাই মাৰিবোহু বোলে॥

  •  *   *  *

শঙ্কৰৰ তেজস্মিয়ে সবে বোবা ভৈলা৷
চাৰি যুগে চাৰি ধৰ্ম্ম ৰত্নাকৰে কৈলা॥
 *   *  * *
কলিৰ যুগৰ ধৰ্ম্ম ৰাম নাম খানি।
ৰত্নাকৰে কহিলন্ত শঙ্কৰৰ ধ্বনি॥
বুঢ়া খাঁও দেখি বৰ আনন্দিত ভৈলা।
বুঢ়াখাৰ নাতিতেসে ধৰ্ম্মক থাপিলা॥
সভা মধ্যে শিৰে ধোপ* যদুদেউক দিলা।
বাদে জিনি ধৰ্ম্ম থাপি প্ৰকাশ কৰিলা॥ (শঙ্কৰ)
বিষ্ণুপ্ৰিয়া দুহিতৃক যদু দেউক দিলা॥

 এই পদৰ লগত ওপৰৰ কথাৰ সামঞ্জস্য ঘটালে দেখা যায়-বুঢ়াখাঁ ভূঞাঁ গ্ৰন্থকৰ্ত্তাৰ প্ৰপিতামহ; যদু বুঢ়াখাঁৰ নাতি, তেওঁ সুকবি বা শুকাইগিৰিৰ পুত্ৰ। শুকাইগিৰি যশচন্দ্ৰখাঁৰ ভয়েক (১০২৬ পদ—শ্ৰীৰাম কীৰ্ত্তন)। অৰ্থাৎ এনে হব-