পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৷৴৹

চৰিতত লিখা শুকাইগিৰিকেই গ্ৰন্থকৰ্ত্তাই লিখা সুক-বিগিৰি বুলি ধৰিলে, চৰিত পুথিৰ লগত গ্ৰন্থকাৰ লিখা কথা মিলি যায়। গ্ৰন্থকাৰৰ অন্য নাম হৃদয়ানন্দ বুলিও গ্ৰন্থৰ বহুত ঠাইত নিজে উল্লেখ কৰিছে :-

৬৬৩ পদ- ৰামৰ চৰিত্ৰ শুনা সবে মন কৰি।

কহয় হৃদয়ানন্দে বোল হৰি হৰি॥

৮৩৭ পদ- কায়স্থ হৃদয়ানন্দে কয়।

শুনিয়োক সভাসদ চয়॥
ৰাম কথা সংসাৰৰ সাৰ।
জানি ৰাম বোলা বাৰম্বাৰ॥

 পুথি ৰচনাৰ শকটো গ্ৰন্থত এইদৰে লিখা আছে -

অশ্বমুনি বাণ চন্দ্ৰ শকত।
আঘ্ৰাণ দ্বিতীয়া শুক্ল পক্ষত॥
শ্ৰীৰাম কীৰ্ত্তন ভৈল উপসাম।
অনন্তে কহে বোলা ৰাম ৰাম॥

 অশ্ব-৪; মুনি—৭; বাণ-৫; চন্দ্ৰ ১;

 প্ৰাচীন নিয়ম মতে অঙ্ক কেইটা ওভোতাই দিলে ১৫৭৪ হয়; এয়ে পুথি লিখাৰ শক। শ্ৰীশ্ৰীশঙ্কৰদেৱ ১৪৯০ শত প্ৰয়াণ কৰে; গতিকে গুৰুৰ প্ৰয়াণৰপৰা গ্ৰন্থ ৰচনাৰ সময়লৈ ৮৪ বছৰ। অনন্ত আতাৰ পিতৃদেৱতা যদুদেৱে ধৰ্ম্মগ্ৰহণ কৰা সম্বদ্ধে চৰিতত এইদৰে আছে:−