পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তযু পদে মোৰ ৰতি ৰহোক।
এহি মানে প্ৰভু বৰ দিয়োক॥১১০০
তোমাৰ একান্ত সাধুৰ সঙ্গ।
দিয়া প্ৰভু আশা নকৰি ভঙ্গ॥
শুনিয়ো আবে সভাসদগণ।
যি কালে ইটো পদ উতপন॥১১০১
অশ্ব মুনি বাণ চন্দ্ৰ শকত।
আঘ্ৰাণ দ্বিতীয়া শুক্ল পক্ষত॥
শ্ৰীৰাম কীৰ্ত্তন ভৈল উপসাম।
অনন্তে কহে বোলা ৰাম ৰাম॥১১০২

"দেব হৰি দেৰ-কাজ সাধি মৰতত।
ৰাৱণক মাৰি ৰাজ অৰ্পিলা ভক্তত॥
কীৰ্ত্তি-স্তম্ভ ৰূপে ৰাখি ভক্ত দুই জন।
চিত্ৰকুট-হিমাদ্ৰিত হনু-বিভীষণ॥
সংসাৰ-লীলাৰ সাজ সংসাৰত থই।
ব্ৰহ্ম-মুৰ্ত্তি ধৰি প্ৰভু গল স্বৰ্গ লই॥”

ৰোহি---ৰঘুবংশ।

অন্ত