পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০৭)

অতিদৰ্পে হতালঙ্কা অভিমানেচ কৌৰবাঃ
অতিদানে বলিৰ্ব্বদ্ধ সৰ্ব্বমত্যন্ত গহিতং॥

ঘোষা॥ জয় ৰাম ৰঘুপতি নৃপতি ঈশ্বৰ।
যাৰ পদ সেৱন্ত বিৰিঞ্চি মহেশ্বৰ॥

পদ।

এতহন্তে ৰথ আহি সন্নিত চাপিল।
পুষ্পকত সবে ৰাম চন্দ্ৰক দেখিল॥
কৃতাঞ্জলি কৰি শ্ৰীৰামক নমিলা।
ভৰতেও প্ৰদক্ষিণে প্ৰণাম কৰিলা॥৮৭৬
বশিষ্ঠকো দেখি ৰামে পৰি প্ৰণামিলা।
কৈশল্যা প্ৰমুখ্যে মাতৃ সবকো নমিলা॥
এহিমতে ৰামচন্দ্ৰ নন্দি গ্ৰামে গৈয়া।
চাৰি ভাইৰ পেলাইলন্ত জটাক ছিঙ্গিয়া॥৮৭৭
পুষ্পক পঠাইলন্ত কুবেৰ সন্নিতে।
কুবেৰ পঠাইল পুনু ৰামক সেবিতে॥
পাছে অযোধ্যাত প্ৰবেশিলা চাৰি ভাই।
অযোধ্যা বাসীৰ আনন্দৰ সীমা নাই। ৮৭৮
ভৰত সহিতে পাত্ৰ মন্ত্ৰী আলোচিলা।
বহুত সম্ভাৰ সবে ৰাজ্যৰ জৰাইলা॥


সন্নিত- ওচৰ, কাষ।