পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০৬ )

ঋষিক নমিলা সবে যুদ্ধৰ বৃত্তান্ত।
ঋষিয়ে পুছিলা ৰামে সব কহিলন্ত॥৮৭০
তুষ্ট হৈয়া ঋষি শ্ৰীৰামক বৰ দিলা।
সব বৃক্ষ সবে মধু ফলক ধৰিলা॥
দেখি বান্দৰৰ মহা ৰঙ্গ মিলি গৈল।
ডেৱা ডেৱি কবি ফল ভুঞ্জিবাক লৈলা॥৮৭১
শ্ৰীৰামে বোলন্ত হনু সত্বৰে যায়োক।
আমাৰ বাৰ্ত্তাক ভৰতত জানায়োক॥
ৰামৰ আদেশে হনু তেখনে গৈলন্ত।
ব্ৰাহ্মণৰ বেশে ৰাম বাৰ্ত্তা কহিলন্ত॥৮৭২
শুনিয়া ভৰতে আনন্দতে মগ্ন ভৈলা।
সমদলে আগবাঢ়ি আনিবক গৈলা।
বাদ্যে ভণ্ডে দণ্ডে ছত্ৰে হস্তী হয় চানি।
কান্দতে লৰিলা শুনি কৌশল্যা গোসাঁনী। ৮৭৩
ঋষিক নমিয়া ৰামে চলিলন্ত যানে।
দূৰ হন্তে ভৰতে দেখিলা বিদ্যমানে॥
পুষ্পকে আনন্ত অযোধ্যাৰ দিশ ধৰি।
সৈন্যৰ আন্দোলে দিশ ধূলা ৰৱ কৰি॥৮৭৪
শুনা সৰ্ব্বজন ৰাঘৱ কথা সাৰ।
ৰামৰ চৰিত্ৰে কৰে সংসাৰ উদ্ধাৰ॥
জানিয়া নেৰিবা শ্ৰীৰামৰ গুণ-নাম।
মূৰুখ অনন্তে কহে বোলা ৰাম ৰাম॥ ৮৭৫