পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮৪)

ৰাম পাশত নিয়া থৈলন্ত।
লক্ষ্মণে ব্ৰহ্ম জ্ঞান স্মৰিলন্ত॥৭৮৭
স্বৰূপ চিন্তিয়া ভৈলন্ত সুস্থ।
ৰাৱণ চৰিল আপোন ৰথ॥
ধনু শৰ ধৰি ভৈলেক সাজ।
দেখিয়া শ্ৰীৰামে বুজিলা কাজ॥৭৮৮
শৰ ধনু ধৰি যুদ্ধে লড়িলা।
হনুয়ে দেখিয়া পিঠিত লৈলা॥
ঐৰাৱত কম্পে যেন বাসৱ।
ৰাৱণক গালি দিলা ৰাঘৱ॥৭৮৯
শুনৰে ৰাক্ষস অধম জন।
তোহোক পঠাইবো যম কৰণ॥
মোহোৰ ঘৰিণী হৰি আনিলি।
কুকুৰে যেন হাণ্ডি চৰু চুইলি॥৭৯০
এহি বুলি ৰথ ধ্বজ কাটিলা।
সাৰথি মাৰি যম পুৰে নিলা॥
হৃদযে মাৰিলা অনেক বাণ।
ৰাৱণে জঙ্কাৰয় নাক কাণ॥৭৯১
কিৰীটি কাটিল ভৈল নিশ্ৰীক।
লাজ পাই গৈল নিজ পূৰিক॥
পাত্ৰক মিলাই কহিলা কথা।
যেন যেন ভৈল পূৰ্ব্বে ব্যৱস্থা॥৭৯২