পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৮২)

ৰাৱণে শৰ হানি ছন্ন কৈল।
তাহাঙ্কো ঘোৰ শৰে শালি থৈল॥
আপোন ৰাজাক দেখি বিকল।
শিলা বৰিষন্ত বীৰ সকল॥৭৭৭
সমস্তকে বীৰে পেলাইলে ঢালি।
দেখিয়া লক্ষ্মণ গৈলন্ত চলি॥
এতহন্তে হনু ৰাৱণ সমে।
লাগিলা সমৰ বৰ বিক্ৰমে॥৭৭৮
বাম হাতে দিলা চৱৰ তাক।
মূৰ্চ্চা গৈল। ৰাজা হৰাইলা বাক॥
পাছে তাৰে চোটে হনু মূৰ্চ্চিত।
দেখি নীলে ঢাইল তাক যুঞ্জিত॥৭৭৯
বৃক্ষে হানি দশোদিশক চাইল।
দেখিয়া ৰাৱণে কাটি পেহলাইল॥
দ্ৰুত বেগে গৈয়া ধ্বজে পৰিলা।
তৈৰ হন্তে গৈয়া মাথে চৰিলা॥৭৮০
ইমাথাৰ হন্তে সিমাথাক যান্ত।
থাহ থুহ কৰি গালে চৱৰান্ত॥
তধা লাগি ৰৈল ৰাৱণ ৰায়।
পাছে শৰে হানি থৈল যন্তাই॥৭৮১
দেখিয়া লক্ষ্মণে বুলিলা বাক।
শুন দুষ্ট যুদ্ধ দেহ আমাক॥