পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৭৫ )


মুৰুখ অনন্তে কহে শুনা সৰ্ব্বলোক।
ডাকি হৰি হৰি বোলা পাতক ছাড়োক॥৭৪৫

ঘোষা॥ ৰঘুপতি ৰঘুবৰ ৰাঘৱ মুৰাৰি।
দেৱক তাৰিলা ৰাক্ষসৰ সেনা মাৰি॥

পদ।

অঙ্গদে ভঙ্গাইল গুণে ইন্দ্ৰজিত বীৰ।
বান্দৰ গোটত মোৰ ভঙ্গ এত বৰ॥
এহি বুলি নিকুম্ভিলা বট মূলে গৈলা।
যজ্ঞ কৰি মায়া ৰথে অন্তৰ্ধ্যান ভৈলা॥ ৭৪৬
ৰাম লখমণ আনো যত কপিবৰ।
সবাকো জৰ্জ্জৰ কৰি আসিলেক শৰ॥
ব্ৰহ্মাৰ বৰত অগনিত উতপন।
হেন শৰে সবাহাকে হৰাইল চেতন।৭৪৭
ৰাৱণী দেখিল ভেল নিচেষ্ট সবাৰে।
মনে মানিলেক সবে গৈল যম-ঘৰে॥
হাঁসি আনন্দতে সিটো লঙ্কা লাগি গৈল।
চপকৰে নমিয়া বাপৰ আগে কৈল॥৭৪৮


চপকৰে-বেগেতে।