পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৭০)

ৰাৱণেয়ো সিংহাসনে বসি।
পাত্ৰগণ সমে বিমৰষি॥
যুদ্ধৰ কাৰ্য্যক নিৰুপিল।
মধ্যে বিৰুপাক্ষক থাপিল॥৭২১
কিৰীটি কুণ্ডল টাড় হাৰে।
মণ্ডিলে সবাকে অলঙ্কাৰে॥
কৃতাৰ্থ মানিয়া অপোনাক।
পশি গৈল অন্তেসপুৰক॥৭২২
অনন্তৰে ৰাম লখমণ।
সুগ্ৰীব জাম্বুৱন্ত কপিগণ॥
মন্ত্ৰণ কৰন্ত বসি কাজ।
সেতু বান্ধি আইলো লঙ্কা-ৰাজ॥৭২৩
তভো জানা কাৰ্য্য নিসিজয়।
লঙ্কা গড় ত্ৰৈলোক্য বিজয়॥
ৰাৱণা তহিত সাজি চয়।
শুনিয়োক নিশান বাজয়॥৬২৪
বিভীষণ পাত্ৰ চাৰি জন।
জানি আইল সমস্ত কাৰণ॥
যাক যৈত ৰাৱণে থাপিলা।
বিভীষণে ৰামত কহিলা॥৭২৫
শুনিয়োক ভাৰতৰ প্ৰজা।
নামেসে জানিবা ধৰ্ম্ম ধ্বজা॥