পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬৯ )

অধৰ্ম্মৰ ফল সব পাইবে।
ৰাম-সিংহে তোক খেদি খাইবে॥
কুলকো কৰিৰি তই চূৰ।
লঙ্কা পূৰী হৈবে মসিমুৰ॥৭১৬
উৎপাতে সাক্ষাতে দেখাৱয়।
সিহেতু শুনিবি ৰাজ-নয়॥
বলে যেবে যাহাক নাপাৰি।
তাহাক আপুনি গৈয়া বৰি॥৭১৭
এতেকে সীতাক কান্ধে কৰ।
ৰাঘৱৰ পাৱে গৈয়া ধৰ॥
তেবেসে তোহোৰ প্ৰাণ ৰয়।
শুনি ক্ৰোধে ৰাৱণে বোলয়॥ ৭১৮
তোমাসাত কোনে সোধে নয়।
গুচি যায়ো আপোন নিলয়॥
শুনি মাল্যৱন্তে ক্ৰোধ কনি।
গালি পাৰি যাৰ দড়াদড়ি॥৭১৯
ৰাম শৰে হৈবি থিস্ মিস্।
নেদেখিবি তই কোনো দিশ॥
শিৰে তোৰ যম-কাল নাচে।
এহি বুলি গৈলা বুঢ়া পাছে॥৭২০


ৰাজ-নয়-ৰাজনীতি।  থিস মিস-ঘনকৈ হান খোৱা।