পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬৬ )


ৰাবণে অনেক মায়া কৰয়।
বিছনী বাৱে কি মেৰু টলয়॥৭০২
ৰাক্ষসে ৰামক মাৰিলে কয়।
জানস সিংহক শশা মাৰয়॥
আকো পতিয়াস কিনে আজলী।
তোৰ স্বামীসম নাহিকে বলী॥৭০৩
তোক দেখি সখী চিনিলোঁ মই।
বিধবা নহ কদাচিতো তই॥
অল্পতে পাইবি স্বামীৰ কোল।
নিষ্টে নিষ্টে জানা মোহোৰ বোল॥৭০৪
যদি তথাপিতো প্ৰমাণ নাই।
এখনে আসোঁ তোৰ স্বামী চাই॥
মহা মুঢ় মতি অনন্তে কয়।
শুনিয়ো সব সভাসদ চয়॥৭০৫
কলিত শ্ৰৱণ কীৰ্ত্তনে সাৰ।
অন্যত্ৰ ধৰ্ম্মে নাহি অধিকাৰ॥
জানিয়া শ্ৰৱণ কীৰ্ত্তন কৰা।
ৰাম ৰাম বুলি সমস্তে তৰা॥৭০৬