পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৬৫)

শীঘ্ৰে আসন্তোক পঠাইল বুলি।
শুনিয়া আথে বেথে গৈলা চলি॥৬৯৭
ৰাজাক দেখি কৰযোৰে কয়।
বোলে ৰাম সেনা চানি আসয়॥
সত্বৰে নিশানত বাড়ি দিয়া।
সমস্ত কটক আন জড়াইয়া॥ ৬৯৮
শুনিয়া নিশাত বাড়ি দিল।
টমকিল ঢোল সেনা মিলিল॥
প্ৰহস্তে কহিলা ৰাজাৰ আগে।
সব সেনাগণ আসিল ভাগে॥ ৬৯৯
ইকথা আবে এহিমানে থওঁ।
শুনিয়ো জানকীৰ কথা কওঁ॥
যেখন ৰাৱণ গুচি গৈলেক।
মায়া শিৰ অন্তৰ্ধ্যান ভৈলেক॥ ৭০০
স্বামীৰ শিৰ নেদেখন্ত আই।
সৰমা জানি গৈলে সেহি ঠাই॥
সীতা দুখ দেখি নহে জীউ।
শান্ত কৰি বোলে জনক জীউ॥ ৭০১
নকান্দা নকান্দা শুনিয়ে সতী।
যুগে যুগে ৰৈল তোৰ খিয়াতি॥


নিশান বাড়ি দিয়া -পতাকা উৰাই, ঢোল পিতি।
কটব–সৈন্য।