পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১৫৮)


তেবেসে কল্যাণ হব সমস্ত প্ৰজাৰ।
শুনি ক্ৰোধ উঠি গৈল ৰাৱণ ৰাজাৰ॥৬৬৪
উঠি তেতিক্ষণে গৈয়া চৰণে তাড়িল।
বিভীষণ হৃদয়ত সন্ধানে পৰিল॥
আসনৰ হন্তে পৰিলন্ত বিভীষণ।
কতোক্ষণে উঠি গৈয়া নমিলা চৰণ॥৬৬৫
থাকিয়োক মহা সুখে বুলি মহাৰায়।
শ্ৰীৰামৰ পাশে গৈয়া কৰিল আশ্ৰয়॥
ৰামৰ চৰিত্ৰ শুনা সবে মন কৰি।
কহয় হৃদয়ানন্দে বোলা হৰি হৰি॥৬৬৬

ঘোষা॥ সীতাপতি ৰাম জানকী জীৱন।
তাৰলা সমুদ্ৰ হেলে কৰিয়া বন্ধন॥

পদ।

মুক্ষ মুক্ষ কপি পৰ্ব্বতক বহি কান্ধে।
শ্ৰীৰামৰ আজ্ঞায় সাগৰে সেতু বান্ধে॥
মহেন্দ্ৰ গিৰিৰ পৰা সুৱেল পৰ্য্যন্তে।
দশ যোজনক জুৰি পথালিৰ অন্তে॥৬৬৭