পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৫২)

সাদৰে দিলা স্থান বসিবাক।
বসিলা হনুৰে নমি তাৰাক।
জাম্বুৱে বোলে শুনা হনু বাপ।
কহিয়া গুচায়ো মনৰ তাপ॥৬৩৫
হনুৱে পাছে কহিবাক লৈলা।
পথত যেন যেন কাৰ্য্য ভৈলা।
প্ৰথমে সুৰেষাক লাগ পাইলা।
তেহেঁ পৰীক্ষিয়া মায়া কৰিলা॥৬৬
তাহাকো তৰি গৈলোঁ এৰাই।
মৈনাকে বাট ভেন্টিলেক যাই।
তাহাক হঠাৎ প্ৰহাৰ কৈলোঁ॥
পাছে দুয়োহন্তে মিত্ৰ কৰিলো। ৬৩৭
অনন্তৰে আশাড়িকাক মাৰি।
গৈলোঁ মহা বেগে সমুদ্ৰ তৰি॥
সুবেল পৰ্ব্বতে পৰিলো গৈয়া।
পাছে তৈৰ হন্তে বেগে নামিয়া॥৬৩৮
সন্ধ্যা ভৈল দেখি বিড়াল বেশ।
ধৰিয়া নগৰে ভৈলো প্ৰবেশ।
সমস্ত ঘৰ বিচাৰিবে লৈলো।
ৰাৱণ অভ্যন্তৰে চলি গৈলো॥৬৩৯
ভিণ্ডাকাৰে সিটো আছে শুতিয়া।
দিব্য সুন্দৰী আছে আলিঙ্গিয়া॥