পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

বোলন্ত থাকিয়ে আই  চিন্তা শোক পৰিহৰি
 মই কাৰ্য্য সাধিবো সকল॥
হৰি হৰি কিনো ভৈল নৰতনু ব্যৰ্থ ভৈল
 বিভুক পাহৰে ভোগ আশে।
অনন্তে কাকূতি কৰে  শুনিয়োক সব নৰে
 ৰাম বুলি চলা তান পাশে॥৬৩২

ঘোষ॥ ৰাঘৱ ৰঘুপতি ৰমাকান্ত।
পৰম পুৰুষ দেৱ অনন্ত।

পদ।

সীতাক সম্বুধিয়া হনুমন্ত।
আকাশ লঙ্ঘি ডেৱ কৰিলন্ত॥
মধ্য সমুদ্ৰ যেবে আসি পাইল।
কিল্‌ কিল্‌ কৰি শব্দ বজাইল॥৬৩৩
জাম্বুৱন্ত আদি যত বীৰগণ।
শব্দতে জানিল কাৰ্য্য শোভন॥
হনু গৈয়া তেতিক্ষণে পাইল।
দেখিয়া সবে আগবাঢ়ি আইল॥৬৩৪