পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৫)

বোলন্ত লঙ্কাৰ  হাটি হাটি ফুৰি
 ফল পাবি বহুতৰ।
নাহি একো চিন্তা  ফুৰি আসা গৈয়া
 সমস্ত লঙ্কা নগৰ।
সাতাক নমিয়া  তেতিক্ষণে গৈয়া
 ৰাৱণৰ অভ্যন্তৰে।
ভিক্ষা কৰিলন্ত  ভণ্ডাৰী ৰোলন্ত
 লৈয়োক বাৰী ভিতৰে। ৬১৭।
হেন শুনি তেতি  ক্ষণে পশিলন্ত
 কৰন্তি ছাতি পেলাই।
লহনা লহনি  ফল লাগি আছে
 উঠিলন্ত গাছে যাই।
ৰাম লখমণ  সীতাক নিবেদি
 লেলা ফল ভুঞ্জিবাক।
খিচ্ খিচ্ কৰি  পেট ভৰাইলন্ত
 নকৰে কেহোঁ বাধক॥ ৬১৮॥
কতো বৃক্ষ মানে  ওভোতাই ৰুইল
 ভাঙ্গি ছিঙ্গি উপবন।
যতেক ৰাক্ষস  খেদি খেদি যাই
 কৰিলা সমস্ত ছন্ন।
ৰাৱণৰ আগে  বাৰ্ত্তা পৰি গৈল
 বান্দৰৰ কথা যত।

১০