সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৪২ )


পদ্ম-নেত্ৰ বিম্ব-ওষ্ঠ ধৌত দন্ত পান্তি।
স্বভাৱে ইষত হাঁস মুখ চন্দ্ৰ কান্তি॥
ধনুৰ্ব্বেদ সাৰঙ্গ প্ৰকাশে হাতে যাৰ।
সৰ্ব্বদা তোমাৰ শোকে কাঢ়ন্ত ফোকাৰ॥৬০৬
ফল মূল ভোগ জানা চাৰিদিন অন্তে।
প্ৰস্ৰৱণ গিৰিত আছন্ত এহি মতে॥
এহি বুলি হনুমন্তে ৰামৰ অঙ্গুষ্ঠি।
দিলন্ত সীতাৰ হাতে হুয়া মন তুষ্টি॥৬০৭
লোৱা সীতা শান্তি মোৰ কথাৰ প্ৰমাণ।
মানস শিলাৰ ফোট দিলা যিটো থান॥
ইটো গোপ্য সঙ্কেতক কৈয়া পঠাইছন্ত।
তোৰা দুই বিনে ইটো আনে নজানন্ত॥৬৮
স্বামীৰ অঙ্গুষ্ঠি পাই হৃদয়ে বান্ধিলা।
বুকে মুষ্টি হানি আই বিস্তৰ কান্দিলা॥
দুৰ্ব্বাৰ শোকক তম্ভাইলন্ত হনুমন্ত।
নিশ্চয় ৰাৱণ মাৰি ৰাঘৱে নিবন্ত॥৬০৯
হেন শুনি সীতা কতোক্ষণে শান্ত ভৈলা।
বায়ু পুত্ৰক কথা পুচিবাক লৈলা॥
শুনা বাপু বানৰৰ ৰাজা বোলে যাক।
তাহান কি মন আছে নিবাক আমাক॥৬১০
অঙ্গদ সুসেন নল নীল জাম্বুৱন্ত।
আমাক নিবাক তেসম্বেকি আলোচন্ত॥