পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২৩ )

পাছে সন্ধুক্ষণ ভৈলা।
ঘোৰ অঙ্গীকাৰ কৈলা॥
ভূমিত চাপৰি মাৰি।
বুলিলা ৰাঘৱ হৰি॥৫১৬
যিটো ভাৰ্য্যা নিলে কাঢ়ি।
তাৰ প্ৰাণ লৈবো মাৰি॥
যদি সাগৰত ডুবে।
তথাপি মাৰিবো ধ্ৰুবে॥৫১৭
লুকাই পাতালক যাই।
তথাপিতো ৰক্ষা নাই॥
অৱশ্যে লইবো প্ৰাণ।
কৈলোমই বিদ্যমান॥ ৫১৮
নিয়োক সৰ্ব্বলোক।
ৰাম পাৱে ভজিয়োক॥
ৰাম সম আৰ দেৱ।
নাহিকে জানিবা কেৱ॥৫১৯
ভকত বৎসল ৰাম।
জানি লৈয়ো তান নাম॥
তেজি সবে আন কাম।
ডাকি বোলা ৰাম ৰাম॥৫২০

⸻⸻


সন্ধুক্ষণ—স্থিৰ।