পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২২ )


পৰিচয় কৰাইলন্ত।
সুগ্ৰিবেয়ো জানিলন্ত॥৫১০
দুহানো বৃতান্ত যত।
দুযো কৈলা দুহান্তত॥
দুযো দুহান্তক বোলে।
সাফলিবো বাহুবলে।৫১১
পাছে দুয়ো সখী কৰি।
দুয়ো দুহান্তক ধৰি॥
আলিঙ্গন কৰিলন্ত।
সূৰ্য্য পুত্ৰে বুলিলন্ত।৫১২
তুমি জগতৰ পতি।
কোনে দিলে ইযুগুতি॥
অধম বান্দৰ সঙ্গে।
সখী কৰা মহা ৰঙ্গে॥৫১৩
কিনো ভৃত্য প্ৰিয় দেৱ।
কোনে নকৰিবে সেৱ॥
এহি বুলি প্ৰণমিলা।
অলঙ্কাৰ আনি দিলা॥৫১৪
দেখি ভক্ত প্ৰিয়কাৰী।
মুষ্টি হৃদয়ত মাৰি।
বুলি হা, হা প্ৰাণেশ্বৰী।
কান্দিলন্ত আতি কৰি॥ ৫১৫