পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১০৫ )

জানকীক থৈয়া তুতি বুলিলা।
শাপৰ বৃতান্ত সব কহিলা॥
তাহাক দহি পাছে দুই ভাই।
পাইলা শৰভঙ্গ আশ্ৰম যাই॥৪৪৪
ইন্দ্ৰে আসিছিলা তাঙ্ক নিবাক।
ৰামক দেখিয়া শীঘ্ৰে গৈলেক॥
ৰামক দেখি ঋষি ৰঙ্গ ভৈলা।
আগবাঢ়ি নিয়া আসন দিলা॥৪৪৫
জগত ঈশ্বৰ জানি হৰিষি।
বিস্তৰ তুতি বুলিলন্ত ঋষি॥
আজিসে ঈশ্বৰ কৃতাৰ্থ ভৈলোঁ।
দুঘোৰ সংসাৰ-পাৰ পাইলোঁ॥৪৪৬
আবে প্ৰভু মোক আজ্ঞা দিযোক।
এখনে চলি যাওঁ স্বৰ্গ লোক॥
ৰাম লক্ষ্মণ সীতা চাই আছন্ত।
দেহ এৰি ঋষি স্বৰ্গে গৈলন্ত॥৪৪৭
তৈৰ হন্তে যান্তে দেখিল পাছে।
ৰাক্ষসে ঋষিক খাইয়া আছে॥
আনো ঋষিগণ কৰন্ত ভয়।
তাৰাক ৰাঘৱে দিলা নিৰ্ভয়॥৪৪৮
পাইলন্ত পাছে সুতিখুৰ ঠাই।
আনন্দ ভৈলা দেখি মুনি ৰায়॥