সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১০৪


জানকীত জন্ম-বিহা সুধিলন্ত।
সীতায়ো সমস্ত তান্ত কৈলন্ত॥৪৩৮
আনন্দে ৰাত্ৰিগোট বঞ্চিলন্ত।
প্ৰভাতে দণ্ডকা বনে গৈলন্ত॥
বিস্তৰ ঋষি আছে একে ঠাই।
ৰহিলন্ত ৰামে সিথানক পাই।৪৩৯
সমস্ত ঋষিয়ে তুতি কৰিলা।
শ্ৰীৰামে তাৰাক অভয় দিলা॥
প্ৰভাতে তিনিজন উথিলন্ত।
হাতে শৰ ধনু ধৰি গৈলন্ত॥৪৪০
গহন বন পাইলন্ত পাছে।
দেখে এক গোটা ৰাক্ষস আসে
বিৰাধ ৰাক্ষস সিটো দুৰ্ব্বাৰ।
পৰ্ব্বত সদৃশ শৰীৰ তাৰ॥৪৪১
গাৱৰ বণ আঙ্গাৰৰ নয়।
বিকত মুখ দেখি লাগে ভয়॥
দেখিয়া চণ্ড আতাসেক দিলা।
সমস্ত ঋষিৰ হৃদি কম্পিলা॥৪৪২
বিস্ময় হুয়া আছে চাই তাক।
এক চাম্প দিয়া নিলে সীতাক॥
দেখিয়া ৰাঘৱে ক্ৰোধ কৰিলা।
ঘোৰ শৰ মাৰি তাক পাড়িলা।৪৪৩