পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১০২ )


উপদ্ৰব বিস্তৰ নকৰা তুমি সবে।
মোহোৰ শপত লাগে নোযোৱাহা এবে॥
ৰামৰ নিশ্চয় শুনি আশা ভঙ্গ ভৈলা।
সমস্তে কোঢাল কৰি কান্দিবাক লৈলা॥
ভৰতে দুখানি পানৈ মাথাত লৈলন্ত।
আজ্ঞা লৈয়া শ্ৰীৰামৰ অযোধ্যা গৈলন্ত॥
অযোধ্যাত নাথাকিয়া নন্দিগ্ৰামে গৈলা।
পানৈ সিংহাসনে থৈয়া আজ্ঞাকৰি ৰৈলা ৪৩০
শুনিযোক সভাসদ ৰামায়ণ কথা।
ইহেন মানব জন্ম নকৰিয়ো বৃথা॥
ৰামেসে সমস্তে পূনিবেক মন-কাম।
মূৰখ অনন্তে কহে বোলা ৰাম ৰাম॥৪৩১

⸻⸻

ঘোষা॥ ত্ৰাহি ত্ৰাহি ৰাঘৱ চবণ
দিয়ো বান্ধৱ॥


পদ।

ভৰতে ৰামৰ ব্ৰত আচৰি
ৰহিলা শিৰে জোটা জুট ধৰি॥
শত্ৰুঘণে অযোধ্যাত থাকিয়া।
ৰৈলা মাতৃগণ প্ৰবোধ দিয়া॥৪৩২