পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১০১ )


কুলগুৰু বশিষ্ঠক তিনিয়ো নমিলা।
কৌশল্যা প্ৰমুক্ষে মাতৃ সবকো বন্দিলা॥৪২৩
সবেয়ো বসিলা ৰাম চন্দ্ৰক আগুৰি।
ভৰতে বুলিবে লৈ কৰযোৰ কৰি॥
শুনিয়োক প্ৰভু ৰাম জগত নিবাস।
পিতৃবাক্য পালি আমি খপোঁ বন-বাস॥৪২৪
সমস্ত লোকৰ প্ৰভু প্ৰাণ ৰাখিয়োক।
আপুনিয়ে ৰাজা হুই প্ৰজা পালিয়োক॥
দেখিয়োক কৌশল্যা মাতৃৰ দুখ কেনে।
তোমাৰ সন্তাপে আই ভৈলা মৰা যেনে॥৪৯৫
দাৰুণী কৈকেয়ী দেখিয়েক মোৰ মাৱ।
আপুনি আসিছে সবে নিবে তযু ঠাই।
চলিয়ো ঢলিয়ো প্ৰভু হুইয়া সন্তোষ।
মই পাপিষ্ঠৰ কাযে ভৈল সবে দোষ॥ ৪২৬
পাত্ৰগণো বুলিলন্ত বিস্তৰ বুজাই।
তথাপিতে ৰামৰ চলিবে ইচ্ছা নাই॥
গঙ্গাদি অনেক নদী সমুদ্ৰে পৰয়।
তথাপিতো যেন সমুদ্ৰৰ ক্ষোভ নাই॥৪২৭
ৰাম পাছে সমস্তকে বুলিলা বচন।
শুনিয়ো ভৰত শুনিয়োক পাত্ৰগণ॥
কদাচিতো মই পিতৃবাক্য নলাৰিবো।
মিছা ৰাজ্য ভোগ অৰ্থে ধৰ্ম্মক নেৰিবো॥৪২৮